লোকমন্থন

দেশ-কাল-স্থিতি

18-20 ਫ਼ਰਵਰੀ 2022

শীঘ্ৰে পঞ্জীয়ন কৰক

আমাৰ সম্পর্কে

জ্ঞানৰ বিকেন্দ্ৰীকৰণ, সাৰ্বজনিক সম্ভাষণ আৰু বৌদ্ধিক বিচাৰ মন্থনৰ ক্ষেত্ৰত অতীজৰে পৰা ভাৰতবৰ্ষৰ এক সুকীয়া পৰিচয় আছে । শেহতীয়া কেইবাটাও শতিকাজুৰি, ৰাজনৈতিক আৰু সামাজিক অনিশ্চয়তাৰ মুখামুখি হৈ ভাৰত এক সংকীৰ্ণ বিচাৰধাৰাৰ অৱস্থাত আছিল যাৰ প্ৰভাৱ কেৱল ইয়াৰ সামাজিক আৰু ধৰ্মীয় মূল্যৰ ওপৰতেই নহয়, ইয়াৰ জ্ঞান আৰু অৰ্থনৈতিক সমৃদ্ধিৰ ওপৰতো প্ৰভাৱ পৰিছিল । সি যি কি নহওঁক, আমাৰ ৰাষ্ট্ৰীয়তাৰ সাৰমৰ্ম ধৰ্মীয়, ৰাজনৈতিক বা প্ৰশাসনিক উপকৰণবোৰত নাথাকে, ই থাকে দেশজুৰি বিশাল জনতাক একেলগে বান্ধি ৰখা এক অপৰিবৰ্তনীয় সংস্কৃতিৰ ওপৰত । বৰ্তমান সময়ত ভাৰতীয় চিন্তাবিদ আৰু ভাৰতীয়ত্ব চিন্তা ক নেতৃত্ব দিয়াসকলে আমাক আত্মবিশ্বাসেৰে ভৰপূৰ এটা মহান জাতি হিচাপে তৈয়াৰ কৰাৰ কামত নিজকে সমৰ্পণ কৰিছে ।

'প্ৰথমে দেশ' এই ধাৰণাৰে বিভিন্ন চিন্তাবিদ আৰু অনুশীলনকাৰীসকলৰ মাজত হোৱা 'লোকমন্থন' নামৰ বাৰ্তালাপে ২০১৬ আৰু ২০১৮ চনত সাৰ্বজনিক সম্ভাষণৰ ওপৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল । কেৱল মাত্ৰ নিজৰ দেশখনকেই নহয় গোটেই বিশ্বকেই প্ৰভাৱিত কৰা দেশৰ সাম্প্ৰতিক সমস্যাবোৰক সমাজৰ মাজত দাঙি ধৰি, বিচাৰ মন্থন আৰু বক্তৃতা আদিৰ ক্ষেত্ৰত থকা বৃহত্তম মঞ্চবোৰৰ ভিতৰত ই একক হৈ পৰিছে । 'বিবৰ্তিত জাতীয়তাবাদ, আকাংক্ষা, সামাজিক ন্যায় আৰু সদ্ভাৱ আৰু সংবেদনশীলতাৰ মাধ্যমেৰে উন্নয়নক এক সঁজুলিৰ দৰে ব্যৱহাৰ কৰি কৰি সমাজৰ অন্তিম ব্যক্তি জনৰ সামাজিক গতিশীলতাক শক্তিশালী কৰাই হৈছে এই ৰাষ্ট্ৰীয় কাৰ্যক্ৰমৰ মুল লক্ষ্য ।

দেশ এখনৰ বিষয়ে সামাজিক মতৰ আকাৰ নিৰ্ণয় কৰাত কলা, সাহিত্য, মিডিয়া আৰু চলচ্চিত্ৰই অগ্ৰণী ভূমিকা পালন কৰে । শৈক্ষিক তথা অৰ্থনৈতিক সমৃদ্ধি আৰু গোলকীয় পদচিহ্নই সেই মতৰ মতে কাম কৰিবলৈ বাধ্য হয় । নবীন আৰু যুৱ চিন্তাবিদ তথা অনুশৰনকাৰী প্ৰজন্ম ই গভীৰ দৰ্শন আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপেটেৰে বৰ্তমান ভাৰতখন গঢ় দিয়াত অগ্ৰসৰ হৈছে । লোকমন্থন ২০২২ য়ে ৰাষ্ট্ৰীয়দুত সমুহৰ জ্ঞান খিনিক একত্ৰিত কৰি তাহানিৰ ভাৰতবৰ্ষ ৰ স্বাভিমানী ঐতিহ্য আৰু বৰ্তমান আত্মবিশ্বাস ৰ দ্বাৰা নিজৰ স্বকীয় ৰাষ্ট্ৰীয় চৰিত্ৰ নিৰ্মান কৰিব ।

দেশ , কাল তথা স্থিতিৰ ওপৰত গুৰুত্ব দিয়া লোকমন্থনৰ প্ৰথম কাৰ্যক্ৰম ২০১৬ চনত অনুষ্ঠিত হৈছিল । ভাৰতীয়ত্বৰ প্ৰমুল্যবোধ , নিজস্ব পৰিচয় , স্বাভিমান , ঐতিহ্য , ৰাষ্ট্ৰীয় ঐক্যবদ্ধতা , ৰাষ্ট্ৰ নিৰ্মানত কলা , সংস্কৃতি তথা ইতিহাস ৰ ভুমিকা আদিৰ ওপৰত আলোকপাত কৰা হয় । দুইমাহৰ অতি কম সময়ত পাচ খন প্ৰকাশনৰ লগতে বহু সংখ্যক লোকে এই অনুষ্ঠান ত অংশগ্ৰহণ কৰে ।

লোকমন্থন ২০১৮( ভাৰতীয়ত্ব বোধ -- জন গন মন) ইয়াৰ উদ্দেশ্য হৈছে কলা সংস্কৃতিৰ পৰা পৰ্যাৱৰণ লৈ সকলো বিষয়ৰ ওপৰত বিষদভাৱে আলোচনা । চাৰিদিনীয়া কাৰ্যক্ৰম ত ভাৰতৰ মাননীয় উপ ৰাষ্ট্ৰপতি ভেংকেয়া নাইডু আৰু লোকসভাৰ তদানীন্তন মাননীয় অধ্যক্ষা শ্ৰীমতী সুমিত্ৰা মহাজনে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । একাধিক প্ৰকাশন তথা অধিকসংখ্যক তৃণমূল পৰ্যায়ত পৰিবৰ্তন বিচৰা সকলৰ বিশ্লেষণাত্মক বাৰ্তা মাত্ৰ অকল বুদ্ধিজীৱী সকলৰ মাজতেই নহয় ভাৰতৰ সৰ্বসাধাৰণ জনসাধাৰণৰ মাজত ও বহুল ভাৱে প্ৰচাৰ আৰু প্ৰসাৰ ত গুৰুত্ব দিয়া হৈছিল ।

পূৰ্বৰ কাৰ্যক্ৰম

লোকমন্থন 2016

লোকমন্থন 2018

অনাগত কাৰ্যক্ৰম

মিডিয়া

লোকমন্থন 2016

লোকমন্থন 2018

প্ৰকাশন